শ্ৰীমন্ত শংকৰদেৱৰ পৰা ড: ভূপেন হাজৰিকালৈ
অসমীয়া সংগীতৰ সংস্কৃত ৰূপান্তৰ: এক ঐতিহ্যসন্ধানী সুৰীয়া যাত্ৰা
ৰঞ্জন
বেজবৰুৱা
(১)
২০১১ চনত ভূপেনদা গ'লগৈ । ভূপেন
হাজৰিকা নামৰ এই অসাধাৰণ
শিল্পীজনৰ প্ৰয়াণৰ লগে লগে আধুনিক
অসমীয়া সংগীতৰ সবতোকৈ বৰ্ণময়,
চমকপ্ৰদ- অথচ মহত্ত্বপূৰ্ণ অধ্যায়টোৰ
অন্ত পৰিল । তেওঁৰ
ঢুকাবৰ এবছৰমান পাছত দিল্লীৰ ইণ্ডিয়া
হেবিটেট চেণ্টাৰত 'ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি'
শীৰ্ষক এটি অনুষ্ঠানত সমূহীয়াকৈ
গীত পৰিৱেশন কৰিছিলোঁ । অনুষ্ঠানটোৱে
শ্ৰোতাক আকৰ্ষণ কৰিছিল ।
সেই শ্ৰোতা-দৰ্শক আছিল
ভিন্ন ভাষা-ভাষী আৰু
সংস্কৃতিৱান ।
অনুষ্ঠানৰ মাজতে এজন উৎসাহী শ্ৰোতাই আসনৰ পৰাই কৈ উঠিল- 'ভূপেনদাৰ গান আমি এতিয়া কিয় নুশুনা হ'লোঁ ? আপোনালোকে কি কৰিছে ? তেওঁ য'ত এৰিলে, তাৰ পাছত অসমৰ মানুহে কিয় একো নকৰিলে ?'
অনুষ্ঠানৰ মাজতে এজন উৎসাহী শ্ৰোতাই আসনৰ পৰাই কৈ উঠিল- 'ভূপেনদাৰ গান আমি এতিয়া কিয় নুশুনা হ'লোঁ ? আপোনালোকে কি কৰিছে ? তেওঁ য'ত এৰিলে, তাৰ পাছত অসমৰ মানুহে কিয় একো নকৰিলে ?'
শ্ৰোতাজনৰ
কথাকেইটা বুকুত গুমৰি থাকিল
I সঁচাকৈয়ে আমি ভূপেনদাৰ বাবে,
অসমীয়া সংগীতৰ বাবে একোৱে
কৰিব নোৱাৰিলোঁ নেকি ? আমি ইমানেই
নি:স্ব নে ?
ৰবীন্দ্ৰনাথৰ মৃত্যুৰ পাছত বংগৰ মানুহ তেওঁৰ সমাধিটোকে ধিয়াই বহি থকা নাই । সীমাহীন চৰ্চাৰে, আলোচনা-গৱেষণা, গায়ন-পৰিৱেশনাৰে কবিগুৰুক নিত্য-নতুন ৰূপত আৱিষ্কাৰ কৰি তেওঁক সঁচা অৰ্থত জীয়াই ৰাখিছে । শ্বেইক্সপীয়েৰ বা বীথোভেনৰ ক্ষেত্ৰতো কথাটো খাটে ।
ৰবীন্দ্ৰনাথৰ মৃত্যুৰ পাছত বংগৰ মানুহ তেওঁৰ সমাধিটোকে ধিয়াই বহি থকা নাই । সীমাহীন চৰ্চাৰে, আলোচনা-গৱেষণা, গায়ন-পৰিৱেশনাৰে কবিগুৰুক নিত্য-নতুন ৰূপত আৱিষ্কাৰ কৰি তেওঁক সঁচা অৰ্থত জীয়াই ৰাখিছে । শ্বেইক্সপীয়েৰ বা বীথোভেনৰ ক্ষেত্ৰতো কথাটো খাটে ।
কিন্তু
আমি অসমীয়াইনো সণ্ঢালনিকৈ এনে বিশেষ কি
কৰিছোঁ যাৰ বাবে বাহিৰৰ
মানুহে শংকৰদেৱ বা ভূপেন হাজৰিকাৰ
মহিমা বুজি চিৰকাল সুঁৱৰি
সন্মান জনাই থাকিব ?
মনটো বিষাদ আৰু গ্লানিৰে
ভৰি পৰিল । উৰা
মাৰিলে আজিৰ পৰা প্ৰায়
দুই দশকৰ আগলৈ ।
( ২)
১৯৯৯ চন । তেতিয়া মই নগাঁৱৰ এখন আগশাৰীৰ কলেজৰ সংস্কৃত বিভাগত অস্থায়ীভাৱে কৰ্মৰত । ছাত্ৰক সংস্কৃত পঢ়াইছোঁ, নিজেও পঢ়িছোঁ । ন ন কথাৰে ছাত্ৰ ছাত্ৰীক এই পুৰণি অথচ মহৎ ভাষাটোৰ প্ৰতি আকৃষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ । মাজে মাজে কবিতা আৰু চিত্ৰৰ ৰসো গৈছোঁ । এইবোৰ কথাৰ বাবেই হয়তো আটায়ে আমাৰ আদৰ কৰিছে । তাতে ভূপেন হাজৰিকা আদিৰ গীত গাব পৰাটোও নজৰত পৰিছে ।
ডেকা শিক্ষক, চকুত হেজাৰ স্বপ্ন
। সংস্কৃতিৰ পথাৰখনতো
কেনেকৈ সামান্য পৰিচয় পাব পাৰি,
তাক লৈও ভাৱনাৰ অন্ত
নাই । হাতত
দুটাই সঁজুলি- সংগীত আৰু সংস্কৃত। নোৱাৰি
নে কিবা এটা কৰিব-
এই দুটা বিষয়কে লৈ
?
ভাৱি ভাৱি ভালে মান
দিন পাৰ হ'ল
। বাটহে নেপাওঁ। স্বল্প
প্ৰতিভাৰ অকিঞ্চন জীৱন ! 'সাধ যত ছিল,
সাধ্য তত ছিল না'
!
এদিন হঠাতে খিয়াল
হ'ল- আমাৰ জ্যোতি-বিষ্ণু, ভূপেনদাৰ গীতখিনিকে সংস্কৃতেৰে প্ৰকাশ কৰি নেচাওঁ
কিয় ? আমাৰ এই অপূৰ্ব
সংগীতধাৰা সংস্কৃত ভাষালৈ ৰূপান্তৰিত হ'ব নোৱাৰে নে
? ভাৰতীয়
ঐতিহ্যবাহী এই কেইবাহেজাৰ বছৰীয়া
ধ্ৰুপদী পৰম্পৰালৈ আমাৰ সংগীতত বোৱাই
নিব নোৱাৰি নে- যাৰ
দ্বাৰা আমাৰ সংগীতো পুন:
যুক্ত হ'ব এক
নতুন ঐশ্বৰ্যৰে, ৰঙে-ৰসেৰে আৰু
ভাৰতীয় সংগীতো মণ্ডিত হ'ব এক নতুন
সাংস্কৃতিক উপকৰণেৰে ?
(
৩)
এদিন পুৱতি নিশা সপোনত
পোৱাদি পাই লিখি
উলিয়ালোঁ জ্যোতিপ্ৰসাদৰ এটি গীতৰ প্ৰথম
পংক্তি- সংস্কৃততে- 'জানামি জানামি, ন
জাতু বিফলং, গীতং মমাপি'
(জানো জানো জানো বিফলে
নেযায় মোৰ গানো ) ।
ঠিক পাছতেই আমি পঢ়াই থকা কলেজখনত আয়োজিত হওঁক এক আদৰণিমূলক শিক্ষক-সভা । গীতটো তাতে অনুষ্টুপীয়াকৈ পৰিৱেশন কৰিলোঁ । শিক্ষাগুৰুসকলে ভাল হোৱা বুলি ক'লে ।
ঠিক পাছতেই আমি পঢ়াই থকা কলেজখনত আয়োজিত হওঁক এক আদৰণিমূলক শিক্ষক-সভা । গীতটো তাতে অনুষ্টুপীয়াকৈ পৰিৱেশন কৰিলোঁ । শিক্ষাগুৰুসকলে ভাল হোৱা বুলি ক'লে ।
মনত পৰে, ইয়াৰ পাছতেই- গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰৰ এটা অনুষ্ঠানৰ পাছত- কবি হীৰুদাই কেনেবাকৈ কথাটো গম পাই মোক তেখেতৰ চানমাৰিৰ ঘৰলৈ মাতি পঠালে । তেখেতে আগ্ৰহেৰে শুনিলে আমাৰ 'সংস্কৃত জ্যোতিসংগীত' । গোৱালে- 'সোণৰ সপোন মোৰ ভাঙিলি কিয়, চম্পাৰে আঙুলি বুলালি কিয়?, 'জননীৰ সন্তান জাগা'.. । আৰু ক'লে অসমীয়া সাহিত্য-সংস্কৃতিৰ বহু ৰসাল, সাৰুৱা কথা- অকপটে ।
তাৰ পাছতে এঠাইত পৰিৱেশন কৰিলোঁ ৰসৰাজৰ জয়মতী নাটৰ 'সখি হে, কি ক'ম দুখৰে কথা' গীতটিও সংস্কৃতত । ব্যথিত প্ৰেমৰ সেই অনুপম সংগীত....।
যা হওঁক, দুজন যুগদ্ৰষ্টা
পুৰুষৰ যুগমীয়া গীত সংস্কৃতত গাই
মোৰ হিয়া যেন উলাহে
নধৰা হ'ল .......
(৪)
দিন বাগৰিল । ইটো
সিটোকৈ কাম আগবাঢ়িল ।
পাছে ভূপেন হাজৰিকাৰ গীত চোন লোৱাই
হোৱা নাই । মনত
পৰিল কটন কলেজত পঢ়া
দিনবোৰলৈ । তেতিয়াৰ
পৰাই অতি প্ৰিয় ' স্নেহেই
আমাৰ শত শ্ৰাৱণৰ' গীতটি
- য'ত প্ৰেমৰ পোহৰত
অভিব্যক্ত হৈছে উজ্জ্বল আশাবাদ
।
অতি আধুনিক ভাৱৰ হ'লেও 'স্নেহেই আমাৰ'ৰ ভাষা বাৰুকৈয়ে
সংস্কৃত-গন্ধী । সুৰটিও
ৰাগ-সংগীতৰ ভিতৰুৱা ।
সৰ্বত্ৰ এক ধ্ৰুপদী আৱেশ
। গতিকেই ইয়াক
সংস্কৃত কৰিবলৈ ভাল হ'ব । কিন্তু
ভাৱিলেই তো নহ'ব
। একোটি গীতৰ
শৰীৰ আৰু আত্মাত লাগি
থাকে অনেক জটিল উপাদান সেয়ে
সন্তৰ্পণে আগবঢ়া হ'ল
।
কেইবাদিনো ধৰি
গীতটি বীজমন্ত্ৰৰ দৰে ধ্যান কৰি
থাকিলোঁ । তাৰ
আত্মাত প্ৰৱেশ কৰিবলৈ যেন
অহোপুৰুষাৰ্থ কৰিলোঁ ।
(এই একেই বা তাতোকৈ
অধিক কষ্ট স্বীকাৰ কৰিব
লগা হৈছিল গুৰুজনাৰ 'শুন
শুন ৰে সুৰ' কিম্বা
'পাৱে পৰি হৰি' গীতদুটি
অনুবাদ কৰোতে । এই
বিষয়ে পিছত কোৱা হ'ব ।)
অমৰকোষ,
আপ্তে, উইলিয়ামছ, আনন্দৰাম বৰুৱাৰ অভিধান বিচাৰি
চলাথ কৰিলোঁ গীতৰ
অপৰূপ শব্দমালাৰ প্ৰকৃত সংস্কৃত সমাৰ্থ
বিচাৰি । সংস্কৃত
কোষ-ব্যাকৰণৰ অনুস্বৰ-বিসৰ্গৰ স্তূপৰ মাজত বিচাৰি
ফুৰিলোঁ ভূপেনদাৰ গীতৰ ভাৱ-ৰস
ছন্দ-সুৰৰ সঠিক প্ৰতিকল্প
।
মাত্ৰ
দুটামান উদাহৰণ দিলেই যথেষ্ট
হ'ব ।
'স্নেহেই
আমাৰ' গীতত থকা মৌচুমী
শব্দৰ কোনো যথাৰ্থ সংস্কৃত
equivalent নাই । কাৰণ
সেই শব্দৰ ধাৰণা আহিছে
আৰৱসকলৰ পৰা । মধ্যযুগতহে
ভাৰতলৈ আহিছে আৰব্য নাৱিকসকলৰ
মাৰফৎ এই 'মৰসুম' শব্দ
। আমাৰ পণ্ডিত
আনন্দৰাম বৰুৱাই coin কৰিছিল 'কালৱাত:' । অৰ্থাৎ
ঘন ক'লা, বৰ্ষণক্ষম
মেঘ বহনকাৰী বতাহ, কিম্বা কাল
বিশেষৰ বতাহ । তাকেই
ব্যৱহাৰ কৰা হ'ল
মোৰ নতুন 'স্নেহেই আমাৰ'ৰ Sanskrit text ৰ বাবে ।
তেনেদৰে
আমিও নতুনকৈ সৃষ্টি কৰি
ল'লোঁ 'মত্ততোয়ম্'- 'উন্মত্ত
বান'ৰ বাবে ।
নহ'লে গীতৰ মূল
সুৰ-- 'বৃন্দাবনী সাৰংগ' ৰাগৰ সেই
বিশেষ স্বৰ-বিন্যাস আপুনি
ধৰি ৰাখিব নোৱাৰে ।
নৰয় তাল-মাত্ৰা, নৰয়
অৰ্থগৰিমা ।
অশেষ চেষ্টাৰ মূৰত গীতটিৰ সংস্কৃতত
পুনৰ্জন্ম হ'ল এনেদৰে:
'প্ৰেমাৱহতি মে শ্ৰাৱণানাম্ / ধাৰাসাৰবৃষ্টে:
প্লাৱনশতম্ / যৌৱনবাসনায়া: ৰিক্তকূলম্ / পূৰ্ণয়তি তূন্মত্ত-তোয়ম্ ।।
(ক্ৰমশঃ)
Its my humble contribution to the cultural heritage of India...R B.
ReplyDelete