২৮ জুনৰ 'দৈনিক জনমভূমি'ত উৎপল দত্তদেৱে
লোৱা আমাৰ সাক্ষাৎকাৰ: 'পাঁচটা
প্ৰশ্ন'
"য'তেই সংস্কৃত, তাতেই
সন্মান'': 'Where there's
Sanskrit, there's respect'
তেখেতৰ
লিখনিত:
শ্ৰীৰঞ্জন
বেজবৰুৱা, শিল্পী-গীতিকাৰ-অনুবাদক,
যি বিগত দুটা দশক
ধৰি অসমীয়া তথা ভাৰতীয়
সুগম সংগীতক সংস্কৃতৰ মাধ্যমেৰে
আৰু সংস্কৃত ভাষাক ভাৰতীয় সুগম
সংগীতৰ মাধ্যমেৰে জনপ্ৰিয় কৰি তোলা কামটোৰ
সাধনা কৰি আছেi
নগাঁৱৰ,
হাতীচোং চকলাঘাটত জন্ম গ্ৰহণ কৰা,
গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত সাহিত্যৰ স্নাতকোত্তৰ, শিক্ষক, সংস্কৃত ভাষা-কৃষ্টিৰ সাধক
ৰঞ্জন বেজবৰুৱাই- এফালে শ্ৰীমন্ত শংকৰদেৱৰ
পৰা ড: ভূপেন হাজৰিকা
প্ৰমুখ্যে মহানসকললৈ আৰু আনফালে কবি
ৰবীন্দ্ৰনাথ, ইকবাল, কবি প্ৰদীপ,
এ আৰ ৰহমান, জগজিৎ
সিং প্ৰভৃতি ভাৰতৰ বৰেণ্য সংগীত
কাণ্ডাৰীসকলৰ শতাধিক গীত সংস্কৃত
ভাষালৈ নিজে ৰূপান্তৰ কৰি
বা আনৰ ৰূপান্তৰত স্বকণ্ঠে
পৰিৱেশন কৰি আহিছে ।
ইয়াৰ লগতে যোগ হৈছে
বিহুগীত, কামৰূপী, গোৱালপৰীয়া আদি গীতৰ অনুবাদ,
প্ৰসিদ্ধ অসমীয়া কবিতাৰ অনুবাদ
আৰু ভাৰতীয় সংস্কৃতি বিষয়ক
মৌলিক নিৱন্ধ আৰু গীত
ৰচনা আদিও। এইগৰাকী
ৰঞ্জন বেজবৰুৱালৈ এইবাৰৰ 'পাঁচটা প্ৰশ্ন:
১) আপোনাৰ সংস্কৃত আৰু
সংগীতৰ এই অভিনৱ যুগলবন্দীৰ
উৎস কি?
উত্তৰ:
অসমীয়া সংগীতক উপযুক্ত মাধ্যমেৰে
সৰ্বভাৰতীয় শ্ৰোতালৈ আগবঢ়োৱা আৰু ভাৰতীয় সংগীততো
এক নতুন উপকৰণ যোগ
দিয়াৰ অদম্য হেঁপাহেই এই
অনুবাদ-কৰ্মৰ মূল প্ৰেৰণা। এই
অনুপ্ৰেৰণা ঘাইকৈ ভিতৰৰ পৰা
অহা।
আমাক অনুপ্ৰাণিত কৰিছিল ভাস্কৰ বৰ্মাৰ
দিনৰ পৰা আজিলৈকে প্ৰাগজ্যোতিষপুৰত
চলি অহা সংস্কৃত ভাষা-সাহিত্য চৰ্চাৰ প্ৰায় ডেৰ
হেজাৰ বছৰীয়া সমৃদ্ধ পৰম্পৰাই। অনুপ্ৰাণিত
কৰিছিল মাধৱ কন্দলী, ৰাম
সৰস্বতী, শংকৰদেৱ-মাধৱদেৱ প্ৰমুখ্যে পুণ্যশ্লোকসকলৰ অনুসৃষ্টিসমূহে।
তদুপৰি
অসমীয়া গীত-কবিতাত থকা
সংস্কৃতমূলীয় শব্দমালাই, ভাৰতীয় সুৰ-সঞ্চাৰ,
ধ্বনি-সুষমা, বাগ্-বৈভৱে
। আৰু এই
আটাইবোৰেই সন্মিলিত ৰূপত মনৰ গহনত
প্ৰোথিত কৰিছিল অসমীয়া সংগীতৰ
সংস্কৃত ৰূপান্তৰৰ প্ৰেৰণাৰ বীজ ।
৩) আপোনাৰ এই সাধনাৰ
কথা সংক্ষিপ্তভাৱে জনাব নে ?
উত্তৰ:
সংস্কৃতলৈ অনুবাদ কৰা মোৰ
প্ৰথমটো গীত আছিল জ্যোতিপ্ৰসাদ
আগৰৱালাৰ 'জানো জানো জানো,
বিফলে নাযায় মোৰো গানো'। জ্যোতিপ্ৰসাদৰ
'নিমাতী কইনা' নাটকৰ এই
গীতটি ভাঙনি কৰি এক
নতুন সৃষ্টিৰ আনন্দত যেন অধীৰ
হৈ পৰিছিলোঁ ।
বহু দিন ধৰি মগন
হৈ আছিলোঁ- এই 'নতুন সংস্কৃতি
গীতটিৰ' নতুন কাব্যিক পৰিমণ্ডলত। কণ্ঠই-
সংগীতে সুৰ-ধ্বনিময় এক
পুনৰ্নিমাণত। ইটোৰ
পাছত সিটোকৈ অসমৰ যাউতিযুগীয়া
গীত অনুবাদ কৰি গৈছিলোঁ-
শংকৰদেৱ গুৰুজনাৰ ' 'পাৱে পৰি হৰি',
লক্ষ্মীনাথ বেজবৰুৱাৰ 'সখি হে কি
ক'ম', বিষ্ণুপ্ৰসাদ ৰাভাৰ
"বিশ্বৰে ছন্দে ছন্দে', ভূপেন
হাজৰিকাৰ 'স্নেহেই আমাৰ
শত শ্ৰাৱণৰ'..। আৰু
লগে লগে যেন মই
প্ৰৱেশ কৰিছিলোঁ হেজাৰ বছৰীয়া অসমীয়া
তথা ভাৰতীয় সংগীতৰ সিন্ধুত। এই
অৱগাহনৰ আনন্দ বুজাব নোৱৰা
।
৪) এই সাধনাই আপোনাক
কি দিছে ?
উত্তৰ:
ভাৰতীয় সংগীতৰ সংস্কৃত অনুবাদ,
পৰিৱেশন আৰু বাণীবন্ধনে আমাক
দিছে সৃষ্টিৰ অমেয় আনন্দ।
কাৰণ এই অনুবাদক মাথোন
অনুবাদ বুলি লৈ আগবঢ়া
নাছিলোঁ । সৃষ্টিৰ
ৰসেৰে সংগীতক উপভোগ কৰিবলৈ
গৈ নিজৰ বাবেই যেন
এটি বাট কাটি লৈছিলোঁ। হয়তো
ইয়াৰ লগতে অসমৰ মানুহক
সংস্কৃত তৰ্জমাৰে কিঞ্চিৎ হ'লেও বুজাবলৈ
সক্ষম হৈছোঁ- সংস্কৃত ভাষাৰ
গৰিমা, অসমীয়া সংগীতৰো দীপ্তি,
ব্যাপ্তি আৰু মাধুৰী।
অসমীয়া
সংগীতক সংস্কৃত ৰূপত বাণীবন্ধন কৰাৰ
ফলত কেইবাটাও কাম একেলগে সিদ্ধ
হোৱা বুলি অনুভৱ কৰোঁ। প্ৰধানত:
সম্ভৱ হৈছে সংস্কৃত ৰূপত
হ'লেও অসমীয়া সংগীতৰ
প্ৰসাৰ । কেতিয়াবা
মূল অসমীয়া গীতটো নুশুনা
বা শুনিলেও নুবুজা সংস্কৃত জনা
লোকেও অনূদিত ৰূপটিৰ পৰাই
ভিন্ন আনন্দ ল'ব
পাৰিছে।
এবাৰ এখন ভিতৰুৱা গাঁৱত
এজন সাধাৰণ শ্ৰোতা ই
মোৰ গীত শুনি কৈ
উঠিল- 'একো বুজি পোৱা
নাই । কিন্তু
কিবা বেলেগ ভাল লাগিছে।' মই
বুজি পালোঁ- সেই দিনাহে
আচলতে মই এজন প্ৰকৃত
শ্ৰোতা পালোঁ।
(সংগীতৰ
উদ্দেশ্যই এইটো। শব্দ
নুবুজাকৈয়ে বহু কথা বুজা। সংস্কৃতৰ
দৰে ধ্বনি-মহিমাযুক্ত ভাষাৰ
ক্ষেত্ৰততো ক'বই নালাগে
। ধ্বনিয়েই য'ত অৰ্থৰ অধিক।)
আন এটি আশ্চৰ্যকৰ অভিজ্ঞতা
পাঠকক সবিনয়ে জনাব খোঁজো-
দক্ষিণ ভাৰতৰ সীতা মহালক্ষ্মী
নামৰ এগৰাকী সংস্কৃতিপ্ৰাণ মহিলাই
ইন্টাৰনেটত আমাৰ সংস্কৃত-অনূদিত
শংকৰদেৱৰ গুণমালাৰ শ্ৰব্যৰূপ শুনি সেয়া কোনো
মৌলিক সংস্কৃতি ৰচনা বুলিয়েই ভাৱিছিল। হওঁক,
এইদৰে সংস্কৃত গীতে বিভিন্ন স্তৰৰ
মানুহক বিভিন্নভাৱে আহ্লাদিত কৰা দেখাৰ অভিজ্ঞতা
আমাৰ হৈছে ।
পাছলৈ
আমি কৰা ভূপেন হাজৰিকাৰ
'বিস্তীৰ্ণ পাৰৰে' কিম্বা ইকবালৰ
'চাৰে জাহাঁ চে অচ্ছা'
গীতৰ সংস্কৃত ৰূপান্তৰক দূৰ-দূৰণিৰ মানুহে
মূল ৰূপ দুটিৰ দৰেই
আদৰ কৰা বুলি জানিব
পাৰিছোঁ । আজি
'গংগে, ৱহসি কথম্' আৰু
'সৰ্বলোকেষু ৰম্যম্' নিশ্চয় অন্যতম জনপ্ৰিয়
সংস্কৃত গীত, যিহেতু একক
বা সমৱেত কণ্ঠত, অথবা
নৃত্য ৰূপত গীতদুটি দেশে-বিদেশে পৰিৱেশিত হয়
।
No comments:
Post a Comment