Saturday, 21 March 2020

World Sanskrit Conference, Dr. Bhupen Hazarika & Ranjan Bezbaruah: Sangeeta Sarma ('Asom Aditya')

                       বিশ্ব সংস্কৃত সন্মিলনবিশ্বশিল্পী ভূপেন  হাজৰিকা আৰু তেওঁৰ গীতৰ 
                               সংস্কৃতৰূপান্তৰ কৰোতা শিল্পী ৰঞ্জন বেজবৰুৱা                                        



সঙ্গীতা শৰ্মা
  
 হিৰিম্বাপুৰৰ পৰা হস্তিনাপুৰ হৈ কালিন্দীকুললৈ যাত্রা আৰম্ভ ' তাৰিখ- নৱেম্বৰ, ২০১৯ চন লক্ষ্য- বিশ্ব সংস্কৃত সন্মিলন, ' ২৩ খন দেশে প্ৰতিনিধিত্ব কৰিব স্থান- নতুন দিল্লীৰ ছত্তৰপুৰ প্ৰয়াত মনীষী বাবা নাগপাল বাবাই ৭০ একৰ মাটিত এই মাৰ্কণ্ডেয় কুটীৰ গঢ়িছিল, সেই ঠাই এতিয়া বৈকুণ্ঠধামত পৰিণত হৈছে

যাত্রা আৰম্ভ '- উত্তৰ অসমৰ গোলাঘাট জিলাৰ পৰা- জন প্ৰতিনিধি সহিতে নৱেম্বৰ তাৰিখে আমাৰ ৰেল যাত্রা তাৰিখৰ দিনা আমি গন্তব্য স্থান পালোঁগৈ সংস্কৃত ভাৰতীৰ কাৰ্যকৰ্তাসকলে আমাক নতুন দিল্লী ষ্টেচনত স্বাগতম জনালে আৰু ছত্তৰপুৰ মাৰ্কণ্ডেয় কুটিৰলৈ আদৰি নিলে

এক নৈষ্ঠিক ব্ৰাহ্মণ পৰিয়ালত জন্মসূত্ৰেই হয়তো সংস্কৃত ভাষাৰ  প্ৰতি বিপুল আগ্ৰহ আছিল, কিন্তু জীৱনৰ পাকচক্ৰত সংস্কৃত ভালকৈ শিকিব পৰা নাছিলোঁ কিন্তু বিশ্বত সংস্কৃত ভাষাৰ গৰিমা বিলাই  যোৱা অনুষ্ঠান- সংস্কৃত ভাৰতীৰ লগত জড়িত হৈ মোৰ যেন এই নতুন যাত্ৰাৰ সূচনা '

সংস্কৃত দিগন্তলৈ এয়া মোৰ প্ৰথম যাত্রা কোনো দিশতে জ্ঞান নাছিল তথাপিও আৰ্চাযসকলৰ একান্ত প্ৰচেষ্টাত আৰু সংস্কৃতজ্ঞ শিল্পী ৰঞ্জন বেজবৰুৱাৰ গীতত মুগ্ধ হৈ মই এই যাত্রাৰ বাবে নিজকে সক্ষম কৰিছিলোঁ আৰু ভুল 'লেও সকলোৰে লগত অলপ অলপ সংস্কৃত ' পৰা হৈছিলো যিহেতু সলসলীয়াকৈ সংস্কৃত ' পৰা নাছিলোঁ, অন্য দেশৰ প্ৰতিনিধিসকলে মোৰ লগত বাৰ্তালাপ কৰাৰ সময়ত মোক সংস্কৃত কোৱাৰ ক্ষেত্রত পূৰ্ণ সহযোগ কৰিছিল 
মই হয়তো সকলোৰে মৰমৰ পাত্ৰ হৈ পৰিছিলোঁ তাৰ প্ৰধান কাৰণ নিশ্চয়- ভাৰতৰ সূৰ্য উঠা দেশ অসমৰ মই অসমীয়া আৰু অসমীয়া বুলি 'লেই- 'ভূপেন হাজৰিকাৰ দেশৰ মানুহ'

তেওঁ আজি নাই, কিন্তু তেওঁ আছে একোটি গীত হৈ মানুহৰ হৃদয়ে হৃদয়ে আছে মানুহৰ সংগীত-চৰ্চাৰ মাজেৰে তেওঁ আকৌ জীৱন্ত হৈছে ৰঞ্জন বেজবৰুৱাৰ সংস্কৃত গীতেৰে, যি কথা মই অসমত থাকি সিমান উপলব্ধি কৰা নাছিলোঁ যেতিয়া মই ছত্তৰপুৰত আছিলো- প্ৰতি মূহূৰ্ততে অসমীয়া হৈ গৌৰৱ অনুভৱ কৰিছিলোঁ যেতিয়া ভূপেন হাজৰিকাৰ গীত- বিস্তীৰ্ণ পাৰৰে, সাগৰ সঙ্গমত, বুকু হম হম কৰে, 'ৰুদালি' ছবিৰ গান- এইবোৰক লৈ মোৰ লগত বিদেশৰ লোকে মুহূৰ্তে মুহূৰ্তে কথা পাতিছিল

ভূপেন মামাৰ গীতৰ কথা আৰু বেলেগে কোৱাৰ দৰকাৰ নাই সেই গীত অসমীয়াত গাব নোৱাৰিলেও অন্য প্ৰান্তৰৰ লোকে আজি সংস্কৃতত গায় আৰু নৃত্য কৰে- সত্ৰীয়া, কথক ,ভাৰতনাট্যম্ নৃত্যশৈলীৰে ভূপেন হাজৰিকাৰ গীত ৰঞ্জন বেজবৰুৱাই সংস্কৃতলৈ ৰূপান্তৰ কৰিছে, যাক সহজে দেশৰ ভিন্ন  ভাষাভাষী মানুহে গাব পাৰিছে মোক যেতিয়া মানুহে তেওঁৰ বিষয়ে সুধিছিল, তেতিয়া মোৰ দাদা বুলি কৈছিলোঁ আৰু মোৰ  দুচকুৰে আনন্দৰ বন্যা বৈ গৈছিল মই ভাবুক হৈ পৰিছিলো,আচাৰ্যকো বহুবাৰ কথাখিনি কৈছিলোঁ

সেই কেইদিন মই খুব গগনা বজাইছিলোঁ ,আচাৰ্যই ঘৰৰ পৰাই এটা সাজি নিছিল, প্ৰতিটো পলতে অসমীয়া হিচাপে মই গৌৰব অনুভৱ কৰিছিলো কাৰণ আমাৰ মেখেলা চাদৰ যোৰ আমি পিন্ধা অসমীয়া গহনা,এৰি কাপোৰ , চেলেং কাপোৰ, গামোচা,পাট ,মুগা- এইবোৰ তথ্য দিওঁতে মোৰ ভাগৰ লগা নাছিল লগতে বিহু নাম, বিয়া নাম, উৰুলি এইবোৰো তেওঁলোকে উপস্হাপন কৰিছিল এতিয়া সংস্কৃতত বিহু গীতো ৰূপান্তৰ হৈছে এইবোৰ কথা পাছত বিতংকৈ ' এতিয়া মূল প্ৰসংগলৈ আহোঁ

শিল্পী ৰঞ্জন বেজবৰুৱাৰ কথা 'বলৈ 'লে প্ৰথমতে মই ভূপেন মামাৰ কথা ' লাগিব
ড০ ভূপেন হাজৰিকা, সুধাকন্ঠ ভূপেন হাজৰিকা, বিশ্ববৰেণ্য ভূপেন হাজৰিকা- কিন্তু মই আইতাৰ মুখত 'ভূপেনটো' আৰু দেউতাৰ মুখত 'ভূপেন দাদা' এনেদৰেই শুনি আহিছিলোঁ মোৰ বৰদেউতা  অশোক শৰ্মা প্ৰয়াত গোলোকেশ্বৰ বৰুৱাৰ (আয়ুক্ত, ভৈয়াম বিভাগৰ ) ভতিজাক আছিল তেওঁ আমাৰ বংশৰ সবডাঙৰ আৰু ভূপেন মামাৰ বন্ধু বৰদেউতাৰ পুৰণি হাৰমনিয়ামখন লৈ ভূপেন মামাই ৰাতি ৰাতি গীত গাই ফুৰাৰ কথা এতিয়াও দেউতাই কৈ থাকে, যিবোৰ শুনিলে সাধুকথা যেন লাগে এসময়ত দেউতাহঁতৰ ঘৰখন ভাত ঘৰ আছিল তেখেতৰ আমাৰ বৰদেউতা এজন অতি প্ৰতিভাশালী চিত্রশিল্পী আছিল নিয়তিৰ পৰিহাসত তেখেতৰ অকাল মৃত্যু '

 শ্ৰদ্ধাৰ ৰঞ্জন বেজবৰুৱা মোৰ তেজৰ সমন্ধত কি ' মই নাজানো, আমাৰ আচাৰ্য নয়নজ্যোতি শৰ্মাই মোক যোগাযোগ কৰাই দিছিল- প্ৰথম দিনা চিনাকি হওঁতেই মোৰ আত্মাৰ পৰা এটা সমন্ধ আপোনা আপুনি ওলাই আহিছিল- 'ডাঙৰ দাদা !! মই গীত গাব যদিও নাজানো, কিন্তু অতি প্ৰিয় হোৱা হেতুকে ফে'চবুকৰ মাধ্যমেৰে পৰা তেওঁৰ গীতবোৰ শুনিবলৈ 'লো আৰু গীতবোৰ মই নিজে শুনাৰ উপৰি গণমাধ্যমলৈ প্ৰেৰণ কৰিবলৈ ধৰিলোঁ

এতিয়া আপোনালোকে জানক ৰঞ্জন বেজবৰুৱা কোন সংক্ষিপ্তৰূপে
___________________

শিল্পী ৰঞ্জন বেজবৰুৱা- শিল্পী-গীতিকাৰ-অনুবাদক, যি বিগত দুটা দশক ধৰি অসমীয়া তথা ভাৰতীয় সুগম সংগীতক সংস্কৃতৰ মাধ্যমেৰে আৰু সংস্কৃত ভাষাক ভাৰতীয় সুগম সংগীতৰ মাধ্যমেৰে জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত  বিশেষ অৰিহণা যোগাই  আহিছে

১৯৭১ চনত নগাঁৱৰ  হাতীচোঙত জন্ম গ্ৰহণ কৰা ৰঞ্জন  বেজবৰুৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত সাহিত্যৰ স্নাতকোত্তৰ আৰু কাব্যশাস্ত্ৰী সংস্কৃত ভাষা-কৃষ্টিৰ সাধক-শিক্ষক-শিল্পী ৰঞ্জন বেজবৰুৱাই এফালে শ্ৰীমন্ত শংকৰদেৱ, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰা ভূপেন হাজৰিকা প্ৰমুখ্যে মহানসকললৈ আৰু আনফালে তুলসীদাস-মীৰাবাঈ-নৰসিংহ মেহতা ৰবীন্দ্ৰনাথ, ইকবাল, প্ৰদীপ, .আৰ. ৰহমান, জগজিৎ সিং প্ৰভৃতি ভাৰতৰ বৰেণ্য সংগীত কাণ্ডাৰীসকলৰ শতাধিক গীত সংস্কৃত ভাষালৈ  ৰূপান্তৰ কৰি বা কৰোৱাই স্বকণ্ঠে পৰিৱেশন কৰি আহিছে

ইয়াৰ লগতে যোগ হৈছে- বিভিন্ন লোকগীতৰ অনুবাদ, ভাৰতীয় সংস্কৃতি বিষয়ক নিৱন্ধ আৰু মৌলিক গীত ৰচনা আদিও ভালেমান উচ্চ মানৰ সাংস্কৃতিক অনুষ্ঠান, আলোচনা-চক্ৰত গীত পৰিৱেশন কৰা ৰঞ্জন  বেজবৰুৱাৰ গীত ভাৰতৰ উপৰি বিদেশতো জনপ্ৰিয় হৈছে বহু সংখ্যক গীত ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম- আকাশবাণী, দূৰদৰ্শন, ইণ্টাৰনেট আদিৰ যোগেদি বিশ্বলৈ বিয়পি পৰিছে

শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰীমাধৱদেৱ আৰু পীতাম্বৰদেৱ গোস্বামীৰ জীৱন আধাৰিত তিনিখনকৈ অসমীয়া কথাছবিত বেজবৰুৱাই শ্লোক-সংলাপ-গীত পৰিৱেশন কৰিছে। ২০১৪ চনত যোৰহাটত 'সুধাকণ্ঠ : ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয় বঁটা' লাভ কৰা ৰঞ্জন  বেজবৰুৱা অসম তথা ভৰতৰ বিভিন্ন ঠাইত  সম্বৰ্ধিত হৈছে

২০১৬ চনৰ ১৫ আগষ্টত ৰাষ্ট্ৰীয় দূৰদৰ্শনৰ 'ডি ডি নিউজ' যোগে চাৰ ইকবাল ৰচিত উল্লেখযোগ্য দেশপ্ৰেমৰ গীত  'চাৰে জাঁহা চে অচ্ছা' সংস্কৃত ৰূপান্তৰ আজিৰ দেশৰ জনপ্ৰিয় সংস্কৃত গীত শেহতীয়াভাৱে বেজবৰুৱাৰ কণ্ঠত বিশেষভাৱে  জনপ্ৰিয় হৈছে গান্ধীজীৰ প্ৰিয় ভজন 'বৈষ্ণৱ জন তো' সংস্কৃত ৰূপান্তৰ তেওঁ গোৱা কেইবাটাও সংস্কৃত গীতৰ নৃত্যৰূপ, দৃশ্যৰূপ বা সমৱেত কণ্ঠত দেশৰ সংস্কৃত-কেন্দ্ৰিক অনুষ্ঠানসমূহত আজি অতিশয়  জনপ্ৰিয়
___________________

সংগীত- একাষাৰ
 মনত পৰিছে নৱকান্ত বৰুৱাৰ এষাৰ কথা ''কপিলীপৰীয়া সাধু'' লিখাৰ সময়ত কৈছিল -মৰা কলংপৰীয়া কবিয়ে ' খুজিছো জীয়া কপিলীৰ সাধু '' মোৰো একেই অৱস্থ্যাবাদ্যবিধেই বজাব জানো ঘণ্টা আৰু কৰতাল গাব নাজানো কিন্তু গাওঁ দুটামান স্তৱ কিন্তু লিখিবলৈ লৈছো সঙ্গীতৰ বিষয়ে যিখন মহাসমুদ্ৰ তৰণৰ বৃথা চেষ্টা কৰি চাবলৈ কলৰ ভূৰ এখনো হাতত নাই তথাপি  যি কি নহওক যাওঁচোন আগুৱাই যথা বিধি তথা গতি

 সাহিত্যসঙ্গীতকলাবিহীনঃ সাক্ষাৎপশুঃ
অৰ্থাৎ সাহিত্য, সংগীত আৰু কলাবিহীন জন সাক্ষাৎ পশু সুকুমাৰ কলাৰ ভিতৰত অন্যতম সঙ্গীত কলা ইয়াৰ চৰ্চা আৰম্ভ হৈছিল মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ সমান্তৰালভাৱেই বিভিন্ন পশু-পখীৰ ভাল লগা বা বেয়া লগা কণ্ঠস্বৰ অনুকৰণ, গছৰ পাত ঘাঁহনি-বননিত ঠেকা খোৱা বতাহৰ শব্দ আদিতেই গজিছিল সঙ্গীতৰ বীজ লাহে লাহে মানবীয় বুদ্ধিমত্তাৰে সেইবোৰৰ অনুৰূপ শব্দ মুখেৰে কৰি পৰিবেশৰ নানা দিশৰ অনুকুল-প্ৰতিকূল পৰিস্থিতিৰ ইঙ্গিত, খাদ্য, আবাসস্থান, চিকাৰৰ স্থান আদিৰ ইঙ্গিত বহন কৰাত প্ৰয়োগ ' এনেকৈয়ে জন্ম ' কথিত ভাষাৰ  আৰু বিভিন্ন পদাৰ্থত খুন্দিয়াই বা মৰিয়াই শব্দৰ সৃষ্টি কৰিব জনা ' মানুহে প্ৰথমে এই শব্দবোৰৰ কোনো সুৰ বা লয় নাছিল মুলতঃ হিংস্ৰ জন্তু খেদোৱা বা শত্ৰুক হুংকাৰ দিবলৈ ব্যৱহাৰ কৰা হৈছিল
এনেকৈয়ে ক্ৰমবিৱৰ্তমান মানৱ সভ্যতাৰ লগতে বিকাশ হোৱা সংগীতৰ বিশদ চৰ্চা হৈছিল গ্ৰীচ আৰু ভাৰতবৰ্ষত আজিৰ পৰা বহু হাজাৰ বছৰ আগতেই ভাৰতত যেনেকৈ ঋৃক সূক্ত-মন্ত্ৰ আদি বিশেষ সুৰ বা ছন্দত গাই চৰ্চা কৰা হৈছিল, তেনেকৈ গ্ৰীক দেশতো  জীউচৰ উদ্দেশ্যে  কৰি  শোকগীতি বা মালিতাৰ কোৰাচ গোৱা প্ৰচলন হৈছিল ইয়াৰ লগে লগে এই বিষয়ত অধিক অধ্যয়ন আৰু বিচাৰ-বিশ্লেষণ আৰম্ভ ' বুদ্ধিমত্তা, চিন্তা-চেতনাৰ লগে লগে সংগীতেও নিত্য-নতুন পোছাক সলালে মানৱকণ্ঠৰ ভাষাময় গীতৰ লগতে বাদ্যযন্ত্ৰৰ সুমধুৰ সংগীত ধ্বনিকো সংযুক্ত কৰিহে সংগীতৰ সংজ্ঞা নিৰূপিত হয়
সংগীতৰ কিছুমান ধ্বনিয়ে মানুহৰ মনত বিশেষ  ভাৱানুভূতিৰ সঞ্চাৰ কৰে আন কিছুমানে  সঞ্চাৰ কৰে শোকৰ, কিছুমানে ভয়ৰ সংগীতৰ বহু ভাগ আছে, প্ৰকাৰ আছে এই বিষয়ে পাছলৈ যথা সাধ্য কোৱা ' কথা ' ভাৰতীয় সংগীতৰ বিশিষ্ট ধাৰা কামৰূপী-অসমীয়া সংগীতৰ বিষয়ে পাছলৈ 'বলৈ চেষ্টা কৰিম

(আমি সঙ্গীতৰ মানুহ নহওঁ, ত্ৰুটি-বিচ্যুতি মাৰ্জনা কৰিব)
_____________________

প্ৰসংগ: সংস্কৃত
মানুহৰ মনত সংস্কৃত বুলিলেই এক সুকীয়া শ্ৰদ্ধাৰ সঞ্চাৰ হয়, কিয়নো এই ভাষা পৃথিৱীৰ প্ৰাচীন প্ৰজ্ঞাৰ ভাষা সনাতন ভাৰতীয় ধৰ্ম-সংস্কৃতিৰ ধ্বজাবাহী ভাষা লগতে আৰ্যাৱৰ্তৰ প্ৰায় সকলো আৰ্যমূলীয় ভাষাৰ জননীস্বৰূপা অসমীয়া  ভাষাৰো জননী অসমীয়া ভাষা গতিকেই  অসমীয়া ভাষা-সংস্কৃতিৰ লগত তাৰ আছে নাড়ীৰ  সংযোগ এই ভাষাৰ চৰ্চা কুমাৰ ভাস্কৰ বাৰ্মাৰ দিনৰ পৰাই বিভিন্ন ৰূপে হৈ আহিছে আজি বহু জন, বহু ধৰণে এই ঐতিহ্যৰ চৰ্চা আৰু সংৰক্ষণত ব্ৰতী
 সেইসকলৰ ভিতৰত আজি অন্যতম হৈ পৰিছে শিল্পী ৰঞ্জন বেজবৰুৱাৰ অসমৰ বাৰেৰহণীয়া সুৰ-কৃষ্টিক সংস্কৃত ভাষাৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় তথা বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ প্ৰয়াসৰত অগ্ৰণী যোদ্ধা ৰঞ্জন বেজবৰুৱা, যি আপ্ৰাণ চেষ্টাৰে সুধাকণ্ঠ ভূপেন হাজৰিকা, কলাগুৰু বিষ্ণু ৰাভা , ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আদি মহীৰূহসকলৰ কালজয়ী গীতবোৰ সংস্কৃত ভাষাত গাই সুৰভাৰতীৰো  বিনোদন কৰিছে সুপ্ৰাচীন ধাৰাৰে প্ৰবাহিত এই ভাষাত অসমীয়া থলুৱা সুৰৰ গীতসমুহে ভাৰতীয়  সঙ্গীত জগতখনত এক নতুন অধ্যায়ৰ সুচনা কৰিবলৈ সক্ষম  হৈছে
ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ বা বহিঃৰাষ্ট্ৰৰো অগণন মানুহে অসমীয়া নাজানে, যেনেকৈ আমি তামিল, তেলেগু, উৰিয়া মাৰাঠি, ভোজপুৰী, ৰাজস্থানী  আৰবী বা বৈদেশিক ভাষাসমূহ নাজানো অথৱা নুবুজো কিন্তু আমি যেনেকৈ সংস্কৃত কিছু 'লেও বুজি পাওঁ, তেখেতসকলেও কিঞ্চিৎ বুজি পায় বা সংস্কৃতৰ সুৰ-ধ্বনিৰ পৰাই ভালেখিনি অনুধাৱন কৰিব পাৰে
গতিকেই এই সুৰবাণী সংস্কৃতৰ যোগেদি অসমীয়া কালজয়ী গীতসমূহ নৱৰূপে প্ৰচাৰ কৰি বেজবৰুৱাদেৱে নিঃসন্দেহে অতি প্ৰশংসনীয় কাম কৰিছে- সাম্প্ৰতিক সময়ত যি কামৰ অত্যন্তই প্ৰাসংগিকতা আছে

_____________________
উপসংহাৰ
সঙ্গীতৰ নিৰলস সাধক আছিল ড০ ভূপেন হাজৰিকা জীৱনটো তেওঁ সঙ্গীতত বুৰাই ৰাখিছিল আছিল মানুহৰ বাবে ভৱা মানুহ, মানুহৰ বাবে কন্দা মানুহ সঙ্গীতৰ শাশ্বত অনুভৱত তেওঁ লীন গৈ আছিল কোটিৰ মাজৰ এটি জ্যোতি এই অতুলনীয় ভূপেনদাৰ শাশ্বত অনুভৱক সাৰ্থকভাৱে অনুধাৱন কৰিবলৈ যেন সক্ষম হৈছে ৰঞ্জন বেজবৰুৱা
সঙ্গীতৰ প্ৰতি থকা অকৃত্ৰিম  ভালপোৱা তথা ভূপেন  হাজৰিকাৰ সূদূৰ প্ৰসাৰী গতিবিধিক তেওঁ সূক্ষ্ম  দৃষ্টিৰে চাবলে সক্ষম হৈছে, যাৰ ফলত তেওঁ যেন এই অসাধ্য সাধনত সৰস্বতীৰ আশিস লাভ কৰিব পাৰিলে অসমীয়া  গীতবোৰ দেৱভাষালৈ ৰূপান্তৰ কৰি সমাজলৈ আগবঢোৱাত তেওঁৰ যি অগ্ৰণী ভূমিকা, তাক কোনেও প্ৰশংসা নকৰি নোৱাৰে
বৰ্তমান সনয়ত সংস্কৃতৰ চৰ্চন-শিক্ষণৰ দিশত সমাজ অগ্ৰসৰ হৈছে বিভিন্ন কাৰ্য্যসূচী ৰূপায়িত হৈছে আৰু ৰঞ্জন দাৰ কণ্ঠৰ গীতবোৰৰ যোগেদিও এই কাৰ্য সুচল আৰু ফলপ্ৰসূ হৈছে
আমাৰ এটাই অনুৰোধ যে ৰঞ্জন বেজবৰুৱাৰ গীতবোৰ সংৰক্ষণ হওক, অধিক বাণীবদ্ধ হওক, প্ৰসাৰ হওক অন্য দেশৰ মানুহে যেনেদৰে এই গীতবোৰ আঁকোৱালি লৈছে, আমাৰ নিজৰ দেশতো তাৰ ব্যাপক প্ৰচাৰ হওঁক তাৰেই কামনা কৰিলো তেওঁ তেজস্বী আৰু দীৰ্ঘায়ু হওক- তাকে মহাপ্ৰভুৰ ওচৰত হৃদয়ভৰা প্ৰাৰ্থনা জনালোঁ

জয়তু সংস্কৃতং ৱিশ্বৱন্দিতম্
নয়তু সংস্কৃতং ৱিশ্বসুহৃদম্
লসতু ভূতলে লোকপাৱকম্
ভবতু সত্বৰং বিশ্বমণ্ডলম্

                                     



                                     




                                                                                 

No comments:

Post a Comment