I am a lover of Indian music and literature, doing a little in this field..... I like writing songs and essays in Assamese and Sanskrit. I've been translating and singing classic Indian songs in Sanskrit and and also re-producing them with a new concept ...
Saturday, 9 July 2022
'নিয়মীয়া বাৰ্তা' কাকতত প্ৰকাশিত আমাৰ নিৱন্ধ: #ৰাষ্ট্ৰীয়_স্তৰত_সংস্কৃত_দেশভক্তিমূলক_গীত_ #পৰিৱেশন: #বিৰল_বিচিত্ৰ_অভিজ্ঞতা ৰঞ্জন বেজবৰুৱা ১) ২০১৬ চনৰ স্বাধীনতা দিৱসৰ ঠিক এপষেক আগৰ কথা। হঠাতে এক সুৱৰ্ণ সুযোগে আমাৰ দুৱাৰত টুকুৰিয়ালেহি। ৰাষ্ট্ৰীয় চেনেল দিল্লী দূৰদৰ্শনৰ পৰা অনুৰোধ আহিছে- বিখ্যাত দেশপ্ৰেমমূলক গীত 'চাৰে জাহাঁ চে অচ্ছা'- আমি সংস্কৃতত বাণীবদ্ধ কৰি পঠাব লাগে, যাক তেওঁলোকে আগন্তুক স্বাধীনতা দিৱসত দৃশ্যসহ সম্প্ৰচাৰ কৰিব। গীতটিৰ সৰ্ৱপ্ৰথম গায়নযোগ্য সংস্কৃত অনুবাদ আমিয়ে যে কৰিছোঁ এই কথা দিল্লী দূৰদৰ্শনে গম পাইছিল- কিছুদিন আগতে ডিডি-নিউজে সংস্কৃত ভাষাতে লোৱা আমাৰ এটি সাক্ষাৎকাৰৰ জড়িয়তে- য'ত শ্ৰীমন্তশঙ্কৰদেৱ, কবিগুৰু ৰৱীন্দ্ৰনাথ, জ্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদ, ভূপেন হাজৰিকা প্ৰমুখ্যে বৰেণ্যজনৰ গীতৰ সংস্কৃত ৰূপান্তৰৰ লগতে ইকবালৰ সেই যুগজয়ী গীতৰ সংস্কৃত ৰূপৰো কিয়দংশ আমাৰ নিজা দুটি সংস্কৃত গীতসহ পৰিৱেশিত হৈছিল। কিন্তু এইবাৰৰ কথা যেন সম্পূৰ্ণ সুকীয়া। ভাৰতৰ স্বাধীনতা দিৱসৰ গুৰুত্বপূৰ্ণ পৰিৱেশত দৃশ্যৰূপসহ দূৰদৰ্শনৰ দ্বাৰা সম্প্ৰচাৰিত হ'ব পৰাকৈ ততাতৈয়াকৈ ৰেকৰ্ডিং কৰি দিব লাগে 'চাৰে জাহাঁ চে অচ্ছা'। কৰিব লাগে এনে এটি কালজয়ী গীত- যাৰ সৈতে পণ্ডিত ৰবিশংকৰ, লতাজী আৰু কে এ আব্বাচৰ দৰে কিম্বদন্তিসুলভ লোকৰ নামো জড়িত হৈ আছে। স্বাধীনতা আন্দোলনৰ কালত ই আছিল হিন্দু-মুছলিম নিৰ্বিশেষে বিশাল ভাৰতীয় মহাপ্ৰাণৰ মুক্তিগীতি। স্বয়ং গান্ধীজীয়ে পুনে কাৰাগাৰত আৱদ্ধ হৈ থকা কালত এশৰো অধিক বাৰ এই গীত গাইছিল বুলি জনা যায়। এতেকেই ইয়াৰ সৈতে সম্পৃক্ত হৈ আছে ভাৰতবৰ্ষৰ শতিকাযোৰা সাংস্কৃতিক সংবেদন আৰু ভাৱময় ঐতিহ্য! দিল্লী দূৰদৰ্শনৰ পৰা আমাক বাৰম্বাৰ কোৱা হৈছিল- 'আপুনি এনে এটি গীত গাবলৈ গৈ আছে য'ত প্ৰায় এশ চৌত্ৰিশ কোটি ভাৰতীয়ৰ আৱেগ আৰু আস্থা নিহিত হৈ আছে।' আমি সেই প্ৰত্যাহ্বান সাহসেৰে গ্ৰহণ কৰিলোঁ। বহু চেষ্টাৰ অন্তত কথাংশৰ চূড়ান্ত ৰূপ দিয়া হ'ল। মাত্ৰ তিনি মিনিট চৌব্বিছ চেকেণ্ডৰ এটি গীতে শেষ পৰ্যন্ত দাবী কৰিলে বহু বিনিদ্ৰ ৰজনীৰ। নিপুণ সংগীত ব্যৱস্থাপকৰ পৰিচালনাত আৰু সহশিল্পীসকলৰ সহযোগত গীতটিৰ এটি গ্ৰহণযোগ্য সংগীতাৱহ ৰচনা কৰা হ'ল আৰু বাণীবন্ধন সম্পন্ন কৰা হ'ল। লগতে ষ্টুডিঅ'ত গাই থকা অৱস্থাৰ দৃশ্যাংশও যোগ কৰি পঠাই দিয়া হ'ল ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যমটিলৈ। প্ৰথম বাৰলৈ ভাৰতীয় সংগীতৰ ইতিহাসত সংস্কৃতত-'চাৰে জাহাঁ চে অচ্ছা' পৰিৱেশন কৰা হ'ল সুষম সংগীতসন্মত ৰূপত। সমগ্ৰ বিশ্বকে শ্ৰোতাৰূপে সন্মুখত কল্পনা কৰি লৈ। ইতিমধ্যে আমাৰ প্ৰয়াসৰ কথাই ৰাজ্যিক তথা ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যমত বিশেষ স্থান পালে। 'ডা টেলিগ্ৰাফ'ৰ দৰে মান্য কাকতত বৰ বৰ হৰফেৰে ঘোষণা হ'ল- আগন্তুক পোন্ধৰ আগষ্টৰ প্ৰথম পুৱাটি হ'ব অসমৰ। ভাৰতৰ পূৰ্ৱ দিশৰ প্ৰতিজন গৌৰৱান্বিত অসমীয়াৰ। প্ৰেম, ভ্ৰাতৃত্ব, ঐক্য তথা ৰাষ্ট্ৰভাৱনাৰে উদ্বুদ্ধ প্ৰতিজন ভাৰতীয়ৰ । ২০১৬ চনৰ ১৫ আগষ্টৰ পূৰ্ৱসন্ধ্যা দিল্লী দূৰদৰ্শনৰ সন্ধিয়াৰ বুলেটিনৰ অন্তত ঘোষণা কৰা হ'ল- 'নিৱেদন কৰিব খুজিছোঁ- 'চাৰে জাহাঁ চে অচ্ছা' গীত- সংস্কৃত ৰূপান্তৰত'.... আমাৰ গীত- 'সৰ্ৱলোকেষু ৰম্যম্' পৰিৱেশিত হ"ল অনুপম দৃশ্যাংশৰে সংযোজিত হৈ- যাক আমাৰ চকুৱেই বিশ্বাস কৰিব পৰা নাছিল। পাছ দিনা পুৱাৰ পৰা দিনটোৰ বিভিন্ন সময়ত দিল্লী দূৰদৰ্শনৰ বিভিন্ন চেনেলত বাজি উঠিল 'সংস্কৃত চাৰে জাহাঁ চে অচ্ছা'। ঠিক তাহানিৰ 'মিলে সুৰ মেৰা তুমহাৰা'ৰ দৰে । বাজি উঠিল- ডিডি-নিউজৰ সাপ্তাহিক সংস্কৃত অনুষ্ঠান 'বাৰ্তাৱলী'তো। আৰু তাৰ পাছৰখিনি আমাৰ বাবে যেন এক ইতিহাস ! ২) পৰৱৰ্তী সময়ত 'সংস্কৃত চাৰে জাহাঁ চে অচ্ছা' দেশান্তৰলৈ প্ৰসাৰিত হ'ল। ইয়াৰ 'ডিজিটেল ভাৰ্ছন' অৰ্পণ কৰা হ'ল ভাৰতৰ মাননীয় প্ৰধান মন্ত্ৰী ডাঙৰীয়াৰ হাতত। সেই কাম আমাৰ সকলোৰে হৈ, সগৌৰৱে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সৌজন্যত সম্পন্ন হ'ল ডিডি-নিউজৰ তৰফৰ পৰাই। মানুহে হয়তো অন্তৰেৰে আদৰিলে আমাৰ বিনম্ৰ সাংস্কৃতিক প্ৰয়াসক। আমেৰিকানিৱাসী বিশিষ্ট প্ৰৱাসী ভাৰতীয় ডি পণ্ডিতে বিদেশৰ পৰাই দূৰদৰ্শনলৈ অধীৰ হৈ মেইলত লিখিলে- ''I never felt so Indian in my life. Yes, when I heard the song, I had tears in my eyes. What a wonderful Sanskrit translation of Sare Jahan Se Accha! '' ইয়াৰ পাছত গীতটিঋ ক'ৰবাত নৃত্যৰূপে, ক'ৰবাত বিদ্যালয়ৰ প্ৰতিযোগিতাৰ সংগীতৰূপে, ক'ৰবাত প্ৰভাতী সংগীতৰূপে পৰেৱশিত হ'বলৈ ধৰিলে- 'সৰ্ৱলোকেষু ৰম্যম্ হি ভাৰতমস্মদীয়ম্'। মনত পৰে, দিল্লীৰ এখন স্কুলত আমাৰ সংস্কৃত গীতেই এক সংগীত প্ৰতিযোগিতাৰ মূল আকৰ্ষণ আছিল। আৰৱৰ ড'হাত বিশাখা নামৰ স্কুলীয়া ছাত্ৰী এগৰাকীয়ে সংস্কৃত 'চাৰে জাহাঁ চে অচ্ছা' গাই প্ৰথম পুৰস্কাৰ পালে। অনুৰূপ ঘটনা ঘটিল- গুজৰাটৰ- কেশ'ড, কানপুৰ, জয়পুৰ, পুনে, চিডনি- অষ্ট্ৰেলিয়াত, আৰৱৰ ৰচ আল খাইমাৰ, এৰিজ'নাত। ইন্টাৰনেটৰ বিভিন্ন সেৱাসমূহতো ই অভিলেখ গঢ়িলে। সংস্কৃত 'চাৰে জাহাঁ চে অচ্ছা সম্প্ৰচাৰিত হোৱাৰ এসপ্তাহ পাছতে অন্য এক অনুৰোধ আহিল ডি ডি নিউজ-সংস্কৃত ডেস্কৰ প্ৰৱন্ধক সৎৱিন্দৰ মোহান্তিৰ পৰা। বিশ্ববিশ্ৰুত সংগীতশিল্পী এ.আৰ. ৰহমানৰ সংগীতেৰে মণিৰত্নমৰ ৰাষ্ট্ৰীয় চেতনা-সমৃদ্ধ ছৱিৰ বিখ্যাত গীত 'ভাৰত হমকো জান চে প্যাৰা হ্যে'ৰ সংস্কৃত ৰূপ পৰিৱেশনৰ বাবে। আমাৰ বাবে অনুবাদ কৰি দিছিল হাৰিয়ানাৰ পণ্ডিত ড: চি ৰামনাগপালে। পূৰ্ৱৰ দৰেই গাই ৰেকৰ্ডিং কৰি পঠোৱা হ'ল আৰু ধুনীয়াকৈ 'টেলিকাষ্টো' হ'ল। ২০১৭-১৮ চনৰ সময়ছোৱাত ৰবীন্দ্ৰ জয়ন্তী, ড: ভূপেন হাজৰিকাৰ স্মৃতি দিৱস, শিল্পীদিৱস আদি বিভিন্ন উপলক্ষ্যত ৰবীন্দ্ৰনাথৰ 'একলা চলো ৰে', জ্যোতিপ্ৰসাদৰ 'বিশ্ববিজয়ী ন জোৱান', ভূপেনদাৰ 'বিস্তীৰ্ণ পাৰৰে', 'বুকু হম হম কৰে'ৰ দৰে ভালেকেইটি ৰাষ্ট্ৰীয় তথা বিশ্বজনীযন ভাৱৰ গীতৰ সংস্কৃত ৰূপ পৰিৱেশিত হ'ল ডিডি নিউজৰ যোগেদি। মোৰ আকাশ যেন ক্ৰমাৎ বিশাল হ'ল! ২০১৮ চনৰ গণৰাজ্য দিৱসৰ প্ৰাক্ মুহূৰ্তত দিল্লী দূৰদৰ্শনলৈ সমৱেতৰূপত সংগীতসহ গাই প্ৰেৰণ কৰা হ'ল মহম্মদ ৰফিৰ কণ্ঠৰ বিখ্যাত দেশপ্ৰেমমূলক গীত 'জাহাঁ ডাল ডাল পৰ'ৰ সংস্কৃত ৰূপান্তৰ। অনুবাদক আছিল ওড়িষাৰ খ্যাতনামা সংস্কৃত পণ্ডিত ডঃ হৰেকৃষ্ণ মেহেৰ ডাঙৰীয়া। এইটি গীতেও শ্ৰোতা ৰাইজৰ বিশেষ সমাদৰ পোৱা বুলি জানিব পাৰিছোঁ। ২০১৯ চনৰ গণৰাজ্য দিৱসত প্ৰেৰণ কৰা হ'ল- নতুন সংযোজন সংস্কৃত দেশপ্ৰেমৰ গীত 'মাতস্তে নমঃ'-- এ আৰ ৰহমানৰ বিখ্যাত 'মা তুঝে ছালাম'ৰ সংস্কৃত পুনঃসৃষ্টিৰে। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক ড: নাৰায়ণ দত্ত মিশ্ৰৰ অনুবাদেৰে। একেবৰ্ষৰ দুই অক্টোবৰত সমগ্ৰ পৃথিৱীতে গান্ধীজীৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপিত হৈছিল। এই বিশেষ উপলক্ষ্যত বাপুজীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ প্ৰিয় গুজৰাটী ভজন 'বৈষ্ণৱ জন তো' বেনাৰসৰ উদীয়মান প্ৰতিভা আলোক কুমাৰৰ অনুবাদেৰে নিৱেদন কৰা হ'ল সমগ্ৰ মানৱ জাতিলৈ। 'ডা হিন্দু', 'ডা ইণ্ডিয়ান এক্সপ্ৰেছ'ৰ দৰে আগশাৰীৰ কাকতে এই খবৰ দেশৰ জনতাক দিলে। এই সংস্কৃত ৰূপান্তৰ গান্ধীজীৰ জীৱনৰ দৃশ্যায়নেৰে ডি ডি নিউজ, জি নিউজ, আকাশবাণী ৰাঁচী আদি প্ৰচাৰ মাধ্যমত বিভিন্ন ৰূপে বাজি উঠিল। নতুন সংযোজন: পৰৱৰ্তী- ২০২০, '২১, '২২ চনৰ স্বাধীনতা দিৱস, গণৰাজ্য দিৱস গান্ধী জয়ন্তীৰ পৰিপ্ৰেক্ষিততো দিল্লী দূৰদৰ্শন, আকাশবাণী দিল্লী, আকাশবাণী গুৱাহাটী, ঈ টিভি ভাৰত, প্ৰাগ টিভি আদি যোগে অসমৰ জাতীয় সংগীত 'অ' মোৰ আপোনাৰ দেশ', 'ৰঘুপতি ৰাঘৱ', 'জোনাকৰে ৰাতি অসমীৰে মাটি', 'কত জোৱানৰ মৃত্যু হ'ল', 'বিশ্ব বিজয়ী ন জোৱান, 'বিজয়ী বিশ্ব তিৰংগা প্যাৰা' আদি গীত বিশিষ্ট শিল্পীৰ সহযোগত সুন্দৰৰূপে সম্প্ৰচাৰিত হ'ল। এই সমগ্র প্ৰয়াসত কণ্ঠশিল্পীৰূপে আছিল প্ৰণতি বৰুৱা, কৃষ্ণা দাস বৰা, ঋতুৰাণী মৌচুমী, দীপশিখা শৰ্মা, নিভাৰাণী বৰা, অনুষ্কা শৰ্মা, মনমিত মহন্ত, সন্তোষ কলিতা আৰু স্নেহমীড়; সংগীত- ব্যৱস্থাপকদ্বয় প্ৰাঞ্জল বৰা আৰু অভিষেক ধৰ। আশা কৰোঁ, সংস্কৃত ভাষাৰ মাধ্যমেৰে শ্ৰেষ্ঠ ভাৰতীয় সুগম সংগীতক নতুন ৰূপে চোৱা আৰু নিৱেদন কৰাৰ এই বিনম্ৰ প্ৰয়াসক সকলোৱে আদৰি স্নেহাশিস প্ৰদান কৰিব। প্ৰকাশ: ১৩ আগষ্ট, ২০২০ চন 1.https://youtu.be/MMFMuKX4RlE 2.https://youtu.be/Dv_iZMjGjCY 3.https://youtu.be/DnLr-MDCM8o...... 4. https://youtu.be/1RVAViQs_p4 5. https://youtu.be/eddwEpT4M-E 6. https://youtu.be/UZbcrsLoAFE ............... ........
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment