Friday, 16 November 2018

Assamese Music and its Sanskrit Rendition : An Odyssey in Quest of the Musical Heritage

শ্ৰীমন্ত শংকৰদেৱৰ পৰা ড: ভূপেন হাজৰিকালৈ
অসমীয়া সংগীতৰ সংস্কৃত ৰূপান্তৰ: এক ঐতিহ্যসন্ধানী সুৰীয়া যাত্ৰা
                                         
                                     ৰঞ্জন বেজবৰুৱা
                                              
                                           


                                                                                 (১)

২০১১ চনত ভূপেনদা গ'লগৈ । ভূপেন হাজৰিকা নামৰ এই অসাধাৰণ শিল্পীজনৰ প্ৰয়াণৰ লগে লগে আধুনিক অসমীয়া সংগীতৰ সবতোকৈ বৰ্ণময়, চমকপ্ৰদ- অথচ মহত্ত্বপূৰ্ণ অধ্যায়টোৰ অন্ত পৰিল । তেওঁৰ ঢুকাবৰ এবছৰমান পাছত দিল্লীৰ ইণ্ডিয়া হেবিটেট চেণ্টাৰত 'ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি' শীৰ্ষক এটি অনুষ্ঠানত সমূহীয়াকৈ গীত পৰিৱেশন কৰিছিলোঁ । অনুষ্ঠানটোৱে শ্ৰোতাক আকৰ্ষণ কৰিছিল । সেই শ্ৰোতা-দৰ্শক আছিল ভিন্ন ভাষা-ভাষী আৰু সংস্কৃতিৱান । 
অনুষ্ঠানৰ মাজতে এজন উৎসাহী শ্ৰোতাই আসনৰ পৰাই কৈ উঠিল- 'ভূপেনদাৰ গান আমি এতিয়া কিয় নুশুনা হ'লোঁ ? আপোনালোকে কি কৰিছে ? তেওঁ য'ত এৰিলে, তাৰ পাছত অসমৰ মানুহে কিয় একো নকৰিলে ?'

শ্ৰোতাজনৰ কথাকেইটা বুকুত গুমৰি থাকিল I সঁচাকৈয়ে আমি ভূপেনদাৰ বাবে, অসমীয়া সংগীতৰ বাবে একোৱে কৰিব নোৱাৰিলোঁ নেকি ? আমি ইমানেই নি:স্ব নে ?
ৰবীন্দ্ৰনাথৰ মৃত্যুৰ পাছত বংগৰ মানুহ তেওঁৰ সমাধিটোকে ধিয়াই বহি থকা নাই । সীমাহীন  চৰ্চাৰে, আলোচনা-গৱেষণা, গায়ন-পৰিৱেশনাৰে কবিগুৰুক নিত্য-নতুন ৰূপত আৱিষ্কাৰ কৰি তেওঁক সঁচা অৰ্থত জীয়াই ৰাখিছে । শ্বেইক্সপীয়েৰ বা বীথোভেনৰ ক্ষেত্ৰতো কথাটো খাটে ।
কিন্তু আমি অসমীয়াইনো সণ্ঢালনিকৈ এনে বিশেষ কি কৰিছোঁ যাৰ বাবে বাহিৰৰ মানুহে শংকৰদেৱ বা ভূপেন হাজৰিকাৰ মহিমা বুজি চিৰকাল সুঁৱৰি সন্মান জনাই থাকিব ?
মনটো বিষাদ আৰু গ্লানিৰে ভৰি পৰিল । উৰা মাৰিলে আজিৰ পৰা প্ৰায় দুই দশকৰ আগলৈ ।

                                                                       


                                                                          ( ২)

১৯৯৯ চন । তেতিয়া মই নগাঁৱৰ এখন আগশাৰীৰ কলেজৰ সংস্কৃত বিভাগত  অস্থায়ীভাৱে কৰ্মৰত । ছাত্ৰক সংস্কৃত পঢ়াইছোঁ, নিজেও পঢ়িছোঁ । ন ন কথাৰে ছাত্ৰ ছাত্ৰীক এই পুৰণি অথচ মহৎ ভাষাটোৰ প্ৰতি আকৃষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ । মাজে মাজে কবিতা আৰু চিত্ৰৰ ৰসো গৈছোঁ । এইবোৰ কথাৰ বাবেই হয়তো আটায়ে আমাৰ আদৰ কৰিছে । তাতে ভূপেন হাজৰিকা আদিৰ  গীত গাব পৰাটোও নজৰত পৰিছে ।

ডেকা শিক্ষক, চকুত হেজাৰ স্বপ্ন । সংস্কৃতিৰ পথাৰখনতো কেনেকৈ সামান্য পৰিচয় পাব পাৰি, তাক লৈও ভাৱনাৰ অন্ত নাই ।  হাতত দুটাই সঁজুলি- সংগীত আৰু সংস্কৃত। নোৱাৰি নে কিবা এটা কৰিব- এই দুটা বিষয়কে লৈ ?
ভাৱি ভাৱি ভালে মান দিন পাৰ হ'ল । বাটহে  নেপাওঁ। স্বল্প প্ৰতিভাৰ অকিঞ্চন জীৱন ! 'সাধ যত ছিল, সাধ্য তত ছিল না' !

 এদিন হঠাতে খিয়াল হ'ল- আমাৰ জ্যোতি-বিষ্ণু, ভূপেনদাৰ গীতখিনিকে সংস্কৃতেৰে প্ৰকাশ কৰি নেচাওঁ কিয় ? আমাৰ এই অপূৰ্ব সংগীতধাৰা সংস্কৃত ভাষালৈ ৰূপান্তৰিত হ'ব নোৱাৰে নে ?  ভাৰতীয় ঐতিহ্যবাহী এই কেইবাহেজাৰ বছৰীয়া ধ্ৰুপদী পৰম্পৰালৈ আমাৰ সংগীতত বোৱাই নিব নোৱাৰি নে- যাৰ দ্বাৰা আমাৰ সংগীতো পুন: যুক্ত হ'ব এক নতুন ঐশ্বৰ্যৰে, ৰঙে-ৰসেৰে আৰু ভাৰতীয় সংগীতো মণ্ডিত হ'ব এক নতুন সাংস্কৃতিক উপকৰণেৰে ?

                                                                               ( ৩)

এদিন পুৱতি নিশা সপোনত পোৱাদি পাই  লিখি উলিয়ালোঁ জ্যোতিপ্ৰসাদৰ এটি গীতৰ প্ৰথম পংক্তি- সংস্কৃততে- 'জানামি জানামি, ন জাতু বিফলং, গীতং মমাপি' (জানো জানো জানো বিফলে নেযায় মোৰ গানো ) ।
ঠিক পাছতেই আমি পঢ়াই থকা কলেজখনত আয়োজিত হওঁক এক আদৰণিমূলক শিক্ষক-সভা ।  গীতটো তাতে অনুষ্টুপীয়াকৈ পৰিৱেশন কৰিলোঁ । শিক্ষাগুৰুসকলে ভাল হোৱা বুলি ক'লে ।

মনত পৰে, ইয়াৰ পাছতেই- গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰৰ এটা অনুষ্ঠানৰ পাছত- কবি হীৰুদাই কেনেবাকৈ কথাটো গম পাই মোক তেখেতৰ চানমাৰিৰ ঘৰলৈ মাতি পঠালে । তেখেতে আগ্ৰহেৰে শুনিলে আমাৰ 'সংস্কৃত জ্যোতিসংগীত' । গোৱালে- 'সোণৰ সপোন মোৰ ভাঙিলি কিয়, চম্পাৰে আঙুলি বুলালি কিয়?, 'জননীৰ সন্তান জাগা'.. । আৰু ক'লে অসমীয়া সাহিত্য-সংস্কৃতিৰ বহু ৰসাল, সাৰুৱা কথা- অকপটে ।
তাৰ পাছতে এঠাইত পৰিৱেশন কৰিলোঁ ৰসৰাজৰ জয়মতী নাটৰ 'সখি হে, কি ক'ম দুখৰে কথা' গীতটিও সংস্কৃতত । ব্যথিত প্ৰেমৰ সেই অনুপম সংগীত....।
যা হওঁক, দুজন যুগদ্ৰষ্টা পুৰুষৰ যুগমীয়া গীত সংস্কৃতত গাই মোৰ হিয়া যেন উলাহে নধৰা হ'ল .......

আৰু এনেকৈয়ে আৰম্ভ হ'ল এক অন্তহীন সুৰীয়া যাত্ৰাৰ- সবিনয়ে, সবাৰে আশিস শিৰত লৈ !!

                                                                               
                                                                           

                                                                                  (৪) 
দিন বাগৰিল । ইটো সিটোকৈ কাম আগবাঢ়িল । পাছে ভূপেন হাজৰিকাৰ গীত চোন লোৱাই হোৱা নাই । মনত পৰিল কটন কলেজত পঢ়া দিনবোৰলৈ । তেতিয়াৰ পৰাই অতি প্ৰিয় ' স্নেহেই আমাৰ শত শ্ৰাৱণৰ' গীতটি - য'ত প্ৰেমৰ পোহৰত অভিব্যক্ত হৈছে উজ্জ্বল আশাবাদ ।
অতি আধুনিক ভাৱৰ হ'লেও 'স্নেহেই আমাৰ'ৰ ভাষা বাৰুকৈয়ে সংস্কৃত-গন্ধী । সুৰটিও ৰাগ-সংগীতৰ ভিতৰুৱা । সৰ্বত্ৰ এক ধ্ৰুপদী আৱেশ । গতিকেই ইয়াক সংস্কৃত কৰিবলৈ ভাল হ'ব । কিন্তু ভাৱিলেই তো নহ'ব । একোটি গীতৰ শৰীৰ আৰু আত্মাত লাগি থাকে অনেক জটিল উপাদান  সেয়ে সন্তৰ্পণে আগবঢ়া হ'ল ।
কেইবাদিনো ধৰি গীতটি বীজমন্ত্ৰৰ দৰে ধ্যান কৰি থাকিলোঁ । তাৰ আত্মাত প্ৰৱেশ কৰিবলৈ যেন অহোপুৰুষাৰ্থ কৰিলোঁ ।
(এই একেই বা তাতোকৈ অধিক কষ্ট স্বীকাৰ কৰিব লগা হৈছিল গুৰুজনাৰ 'শুন শুন ৰে সুৰ' কিম্বা 'পাৱে পৰি হৰি' গীতদুটি অনুবাদ কৰোতে । এই বিষয়ে পিছত কোৱা হ'ব ।)
অমৰকোষ, আপ্তে, উইলিয়ামছ, আনন্দৰাম বৰুৱাৰ অভিধান বিচাৰি চলাথ কৰিলোঁ  গীতৰ অপৰূপ শব্দমালাৰ প্ৰকৃত সংস্কৃত সমাৰ্থ বিচাৰি । সংস্কৃত কোষ-ব্যাকৰণৰ অনুস্বৰ-বিসৰ্গৰ স্তূপৰ মাজত বিচাৰি ফুৰিলোঁ ভূপেনদাৰ গীতৰ ভাৱ-ৰস ছন্দ-সুৰৰ সঠিক প্ৰতিকল্প ।
মাত্ৰ দুটামান উদাহৰণ দিলেই যথেষ্ট হ'ব ।
'স্নেহেই আমাৰ' গীতত থকা মৌচুমী শব্দৰ কোনো যথাৰ্থ সংস্কৃত equivalent নাই । কাৰণ সেই শব্দৰ ধাৰণা আহিছে আৰৱসকলৰ পৰা । মধ্যযুগতহে ভাৰতলৈ আহিছে আৰব্য নাৱিকসকলৰ মাৰফৎ এই 'মৰসুম' শব্দ । আমাৰ পণ্ডিত আনন্দৰাম বৰুৱাই coin কৰিছিল 'কালৱাত:' । অৰ্থাৎ ঘন ক'লা, বৰ্ষণক্ষম মেঘ বহনকাৰী বতাহ, কিম্বা কাল বিশেষৰ বতাহ । তাকেই ব্যৱহাৰ কৰা হ'ল মোৰ নতুন 'স্নেহেই আমাৰ'ৰ Sanskrit text ৰ বাবে ।
তেনেদৰে আমিও নতুনকৈ সৃষ্টি কৰি ল'লোঁ 'মত্ততোয়ম্'- 'উন্মত্ত বান'ৰ বাবে । নহ'লে গীতৰ মূল সুৰ-- 'বৃন্দাবনী সাৰংগ' ৰাগৰ সেই বিশেষ স্বৰ-বিন্যাস আপুনি ধৰি ৰাখিব নোৱাৰে । নৰয় তাল-মাত্ৰা, নৰয় অৰ্থগৰিমা ।
অশেষ চেষ্টাৰ মূৰত গীতটিৰ সংস্কৃতত পুনৰ্জন্ম হ'ল এনেদৰে:
 'প্ৰেমাৱহতি মে শ্ৰাৱণানাম্ / ধাৰাসাৰবৃষ্টে: প্লাৱনশতম্ / যৌৱনবাসনায়া: ৰিক্তকূলম্ / পূৰ্ণয়তি তূন্মত্ত-তোয়ম্ ।।
                                                                                                                                               (ক্ৰমশঃ)

 (ক্ৰমশ