সংস্কৃতত কি বিদেশী শব্দ নাই ?
ৰঞ্জন বেজবৰুৱা
(১)
সংস্কৃতক লৈ বিবাদৰ অন্ত নাই । প্ৰায় পাঁচ হেজাৰ বছৰীয়া বিস্ময়-- এই সংস্কৃত ভাষা অাৰু তাৰ বৰ্ণিল ঐতিহ্য ।
সংস্কৃতক লৈ এটা অাপত্তি প্ৰায়েই শুনা যায়-- ইয়াত নতুন শব্দ নাই । নাই কোনো বিদেশী বা 'কৃতঋণ' শব্দ (loan-words)। এই ভাষালৈ ভিন্ন ভাষাৰ শব্দৰ অামদানি নাছিল বাবেই এদিন ই মৃত্যুমুখী হ'ল । এই গোকাট ভুল আৰু মিছা কথাটোকে বাৰে বাৰে কৈ অনেকেই 'বন্য' তৃপ্তি লাভ কৰে । ভাষাটোক তুচ্ছ-তাচ্ছিল্য কৰে ।
পাছে কথাবোৰ হয় জানো ?
কোৱা হয়, বিশুদ্ধিবাদী
ভাষা সংস্কৃতে ভিন্ন ভাষাৰ পৰা হ'ব পৰা শব্দ- প্ৰব্ৰজন একেবাৰে বন্ধ ৰাখিছিল l কিন্তু এই অতি-সৰলীকৃত বা খণ্ডদৰ্শী অভিমতক খ্ৰীষ্টীয় দশম-একাদশ শতিকা পৰ্যন্ত প্ৰাণোচ্ছলভাবে
প্ৰৱাহিত ভাষাটোৰ গৌৰৱময় ইতিহাসে কোনোমতেই প্ৰমাণ নকৰে ।
দেখা যায়, সংস্কৃত ভাষাই স্বেচ্ছাই অাত্মীকৰণ কৰিছিল প্ৰচুৰ বিদেশী বা 'অনুপ্ৰৱেশকাৰী' শব্দ । ইয়াত অাছে-- একেলগে বা একে ভাৱে বিভিন্ন প্ৰান্তত জন্ম হোৱা ভালেমান 'সমোদ্ভৱ শব্দ' (cognate words)। অানকি ৰূপান্তৰিত ৰূপতো প্ৰবেশ কৰিছিল অনেক বহিৰাগত শব্দই ।
বেদৰ পৰৱৰ্তী প্ৰায় অাঢ়ৈ হেজাৰ বছৰ পূৰ্বৰ তদানীন্তন ভাৰতবৰ্ষৰ অনেক অাঞ্চলিক ভাষা বা উপভাষাৰ পৰাও সংস্কৃতে শব্দ-ঋণ লোৱাৰ নজিৰ অাছে । যি হ'ল জীৱন্ত ভাষাৰেই লক্ষণ ।
পাণিনি-পতঞ্জলিয়ে দিয়া সূত্ৰ-নিয়মৰ বেৰা ভাঙিও প্ৰৱেশ কৰিছিল প্ৰচুৰ 'অসংস্কৃত' শব্দই । মহাকাব্যীয় সংস্কৃতৰ যুগ পাৰ হৈ বৌদ্ধ-জৈন সংস্কৃত তথা অশ্বঘোষ ভাস-কালিদাসৰ দিনতো এনে শব্দ সোমাইছে দেধাৰ ।
'বহিৰাগত' শব্দৰ সৈতে বিৰোধ থকা হলে সংস্কৃতত গ্ৰীক, চুমেৰীয়, এছিৰীয়, অাৰৱী, তুৰ্কী, ইৰাণীয়, ভোট-চীনীয়, দ্ৰাবিড়,অষ্ট্ৰিক, প্ৰাকৃত মূলৰ শব্দ-সম্ভাৰ কেতিয়াও পোৱা নগ'লহেতেন।
মহাকবি কালিদাসৰ অভিজ্ঞান-শকুন্তলমৰ এটি উদাহৰণ দিওঁ । বিশ্ববিখ্যাত
নাটকখনৰ প্ৰথম অংকত এটি শ্লোক অাছে । যাৰ অৰ্থ-- 'তুলাৰ থূপত জুই লগোৱাৰ দৰে মৃগহঁতৰ তুলা-কোমল গাতো বাণৰূপ জুই নিক্ষেপ নকৰিবা।'-- 'ন খলু ন খলু বাণ: সন্নিপাত্যো'য়স্মিন্ মৃদুনি মৃগশৰীৰে তূলৰাশাৱিবাগ্নি:'
।
এই সংস্কৃত 'তূল' বা 'তূলক' শব্দ অাচলতে দ্ৰাবিড়মূলীয় । দক্ষিণত তাৰ জন্ম ।
তেনেকৈ ধপাত বা টবেক্ক'ৰ সংস্কৃত প্ৰতিশব্দ 'তাম্ৰকূট' । শব্দটো লাতিনমূলীয় । জাৰ্মানত হ'ল 'টাবাক' । মোগল যুগত ঊৰ্দূত 'তম্বাকু' হ'ল । হিন্দীত 'তমাক্' l সংস্কৃতে সংস্কাৰ কৰি নাম থ'লে 'তাম্ৰকূট' l অৰ্থ : ধোঁৱাৰে ডাঙৰীয়াৰ গোঁফক তামবৰণীয়া কৰা l তামৰঙীয়া ধোঁৱা খাই হ'লি ধোঁৱাকোৱা ।… অাহা !
(২)
অাৰু কেইটামান উদাহৰণ দিওঁ ।
উষ্ট্ৰ বা উটৰ সংস্কৃত এটা সংস্কৃত প্ৰতিশব্দ হ'ল 'ক্ৰমেলক' । পাছে এই ক্ৰমেলক মূলতে এটা হিব্ৰু শব্দ । হিব্ৰুত ই অাছিল 'গামিল'(Gamil) l লাতিনত Camslus , ইংৰাজীত Camal ।
'নিৰীক্ষ্যতে কেলিবনং প্ৰৱিশ্য ক্ৰমেলক: কণ্টকজালমেৱ ।' (কেলিবনত সোমাই ক্ৰমেলকে দেখা পালে কেৱল কাঁইটনি l)
অাকৌ হিন্দু বিবাহিতা নাৰীৰ অপৰিহাৰ্য 'সেন্দূৰ' বা 'সিন্দূৰ' হ'ল চীন দেশৰ। মূল শব্দটো হৈছে 'ৎ সিন্-তুঙ্'। সংস্কৃতায়নত সি 'নাগৰক্ত' নামো পাইছে । এক সৰস ৰূপান্তৰ !
তেনেকৈ পাওঁ 'চীনা: -- পাট কাপোৰ l ই ভোট-চীনৰ পথেৰে অহা l
তেনেকৈ পাওঁ 'চীনা: -- পাট কাপোৰ l ই ভোট-চীনৰ পথেৰে অহা l
অসমীয়া বাঁহ কটা 'দা'খন সংস্কৃতত হৈছেগৈ 'দাত্ৰ'। এয়া পূৰ্বভাৰতৰ সংস্কৃত । হয়তো প্ৰাকৃতৰ বাটেদি এই অাদান-প্ৰদান । এই সম্পৰ্কে পতঞ্জলিৰ মহাভাষ্যৰ পস্পশাহ্নিকত ভালদৰে উল্লেখ অাছে ।
অামাৰ চাওতালী চোতালৰ পৰা সংস্কৃতৰ বৰঘৰলৈ চৰিবলৈ গৈছে 'কুক্কুট'জনী। কুকুৰা । লগতে জিলিকিছে তাৰ 'ডিম্ব'ও । জনজাতীয় মূলৰ এনে বহু শব্দ সংস্কৃতত অাছে ।
'মেখলা' (মেখেলা) অাচলতে অষ্ট্ৰিকমূলীয় শব্দ । প্ৰাকৃত-সংস্কৃত সকলোৱে গ্ৰহণ কৰিলে ।
এনেকুৱা অাৰু কিছু সংস্কৃতত জীণ যোৱা বিদেশী, অন্য ভাষাৰ বা অন্য মূলৰ শব্দ--
গ্ৰীক : হেলি (সূৰ্য), হোৰা (hour), জামিত্ৰ (Diametron), কেন্দ্ৰ (কেনত্ৰন্), দ্ৰম্য ( দাম), দীনাৰ (এবিধ মুদ্ৰা), সমিতা (ময়দা)।
ফৰাচী: সূপ ( Soup), ছুমেৰীয় : গৌ (গৰু), বৰ্বৰ ।
এছীৰীয় : পৰশু (কুঠাৰ)। তুৰ্কী : ঠক্কুৰ (ঠাকুৰ), তুৰষ্কা: ।
গ্ৰীক>পাৰ্চী : শৰ্কৰা (শক্কৰ, চেনি, মিচিৰি) । অাৰৱী : তশলী, তসদী, তৰৱী ।
ইৰাণীয় : লিপি, মিহিৰ (সূৰ্য), পুস্তক, মুদ্ৰা। ক্ষত্ৰপ, অশ্বাৱাৰ (অশ্বাৰোহী)।
দ্ৰাবিড় : পণ্ডিত, দণ্ড, শঠ, পল্লী, বল্লী, কুণ্ডল, পূজা, পূজন, মালা, পুষ্প, ফল, কংক, ময়ূৰ; অণু, অৰণি, কপি, কৰ্মাৰ, কলা, কাল, কিতৱ, কূট, কুণাৰ, গণ, নীল, পুষ্কৰ, বিল, বীজ, ৰাত্ৰি, সায়ম্, অটৱী, আড়ম্বৰ,খড়্গ, তণ্ডুল, বলক্ষ, মটচী ।
অষ্ট্ৰিক : মাতঙ্গ, সাৰঙ্গ, অণ্ড, কাণ্ড, তাম্বুল, কদলী । ভোট-চীনীয় : ম্লেচ্ছ, চীনা: (চীনা পাট), কীচক( এবিধ বাঁহ), শয়: (কাগজ), প্ৰাকৃত: পুৰাণ, বিকট, ভট্ট, ভট্টাৰক………
(ক্ৰমশ:)
(ক্ৰমশ:)
No comments:
Post a Comment