Saturday, 20 April 2019

Indian Renaissance and the Rebirth of Sakuntala: ভাৰতীয় নৱজাগৰণ আৰু শকুন্তলাৰ পুনৰ্জন্ম


                                   



 http://monikut.com/?p=3264&fbclid=IwAR0cGlHX1Ys6A6-     pVZPuJyinrxqmwDJByIDgP1FPZafWPoPFO8utVdFwR_g

ভাৰতীয় নৱজাগৰণ আৰু শকুন্তলাৰ পুনৰ্জন্ম

 ৰঞ্জন বেজবৰুৱা


ওঠৰ শতিকা শেষ হও হও ভাৰতৰ অIকাশ তেতিয়া প্ৰজ্ঞাৰ নৱ প্ৰভাতেৰে উদ্ভাসিত এনে সময়তে ভাৰতীয় চুপ্ৰিম 'ৰ্টৰ বিচাৰপতি হৈ আহক চাৰ উইলিয়াম জোন্স- 'ৰ্ট উইলিয়ামলৈ- কলকাতালৈ l সেয়া ১৭৮৩ চনৰ কথা l 
ঠিক এবছৰ পাছতেই বংগদেশত প্ৰতিষ্ঠা ' 'ৰয়েল এছিয়াটিক 'চাইটি' l কলকাতাৰ গুণীসমাজৰ মশ যেন উখল মাখল l কাৰণ ভাৰতীয় বোধোদয়ৰ যজ্ঞকুণ্ডত ইতিমধ্যেই আহূতি পৰিবলৈ আৰম্ভ কৰিছে l তাতে এজন নিষ্ণাত পুৰুষ এই বৌদ্ধিক আলোড়নৰ প্ৰধান ঋত্বিক

১৭৮৪ প্ৰতিষ্ঠাকালৰ পৰা জোন্সেই অIছিল  এছিয়াটিক 'চাইটিৰ সভাপতি- যি এছিয়াটিক 'চাইটিৰ প্ৰধান কৰণীয় অIছিল এছিয়া ভূখণ্ডত সিঁচৰতি হৈ থকা সমস্ত মানৱীয় কীৰ্তি-কলাপৰ গৱেষণাত্মক অনুসন্ধান


জোন্স অIছিল বহুভাষাবিদ গ্ৰীক-লেটিনৰ পৰা অIৰৱী-সংস্কৃতলৈ পৃথিৱীৰ প্ৰায় একুৰি ভাষাত তেওঁৰ অIছিল  ব্যুৎপত্তি সংস্কৃত যে বিশ্বৰ সবাতোকৈ বিজ্ঞানসন্মত ভাষা- তাক পোন প্ৰথমে জোন্সেই ঘোষণা কৰিছিল এই ঘোষণাৰ ভিত্তি অIছিল ইতিমধ্যেই বহুদূৰ অIগবাঢ়ি যোৱা তুলনামূলক ভাষাতত্ত্বৰ বিশ্বজোৰা গৱেষণা পিছে তেতিয়াও তেওঁ সম্যক্ জ্ঞান নাছিল সংস্কৃতৰ অপাৰ সাহিত্য-সম্ভাৰৰ বিষয়ে কিন্তু তেওঁৰ জ্ঞান-পিপাসা দূৰ ' কেনেকৈ

কোনে দিব তেওঁক ভাৰতীয় প্ৰজ্ঞাৰ ভোগজৰাটি উবুৰিয়াই ?


                                                                  
                                              উইলিয়াম জ'ন্স     

জোন্সৰ প্ৰয়োজন ' এজন ভাৰতীয় পৰম্পৰাগত পণ্ডিতৰ এজন দেশীয় পণ্ডিতেহে তেওঁক পঢ়াব লাগিব সংস্কৃত কাব্য-শাস্ত্ৰ কিন্তু  সেই দিনত এজন 'ম্লেচ্ছক', এজন যৱনক পঢ়াব কোনে ? তাকো গুৰু স্থানত বহি ? কোনে কোৰে কাটি গ্ৰহণী চপাই ' ?  কোনোৱে ৰাজী নহ'

শেষত চালকিয়া গাঁৱৰ পণ্ডিত ৰামভূষণ  অIগবাঢ়ি - তেওঁক যে সমাজে এঘৰীয়া কৰিব ভালদৰে জানিও গুণী ছাত্ৰ জোন্সক অকৃপণভাৱে বিদ্যা দিব খুজিলে মহানুভৱ পণ্ডিতে

পুৰণি ৰাজভৱনত নিবাস জোন্সৰ জোন্সে পঠোৱা পাল্কিত উঠি ৰামভূষণে অাহি চাহাবক সংস্কৃত পঢ়ায় গংগাজলেৰে শুদ্ধ কৰা টেবুলত কম্বল পাৰি চাহাব-পণ্ডিতৰ সংস্কৃত কাব্য-পাঠ অাৰম্ভ ' ৰামভূষণে মেলি 'লে কালিদাসৰ 'অভিজ্ঞানশকুন্তলম্' জোন্সৰ অIনন্দত পাৰ নোহোৱা '
                           
                                                                                        

পাঠ অIগুৱালে কালিদাসৰ শকুন্তলাৰ এই প্ৰথম অIধুনিক পাঠ ৰম্ভ ' প্ৰপন্ন শিষ্য জোন্সৰ মনত হেঁপাহৰ অন্ত নাই তেওঁ যেন অৰূপ ৰতন হাততে পালে বিশ্ব সাহিত্যৰ সৈতে সুপৰিচিত জোন্সে ভাৱিবলৈ ধৰিলে কি উপায়েৰেনো এই অনুপম নাটভাগি বিশ্ববাসীলৈ নিৱেদন কৰা যায় !

                                                          
                                                       


বহু গুণা-গঁঠাৰ অন্তত তেওঁ শকুন্তলাৰ এক ইংৰাজী অনুবাদ প্ৰস্তুত কৰি উলিয়ালে অIৰু প্ৰকাশ কৰিলে 'Sacontala -- or The Fatal Ring'- An Indian Drama by Calidas' নাম দি, ১৭৮৯ চনত l
দুবছৰ পাছতেই জৰ্জ 'ষ্টাৰে তাৰ এটি জাৰ্মান অনুবাদ প্ৰস্তুত কৰি উলিয়ালে শকুন্তলাৰ এই অনুবাদ পৰিলগৈ জাৰ্মান কবি, মনীষী গ্যেটেৰ হাতত পঢ়িয়েই গ্যেটে বাক্ ৰুদ্ধ হৈ পৰিল- এয়া কি !   স্বপ্নো নু, মায়া নু !

গ্যেটেৰ মুখেৰে নিৰ্বাধ গতিত ওলাই অIহিল-
'Willst du die Blute des fruhen,
die Fruecche des spaeteren Jahres...'

'যদি তুমি নবীন বয়সেৰ কোৰক আৰ
পৰিণত বয়সৰ ফল একাধাৰে চাও'...
-কোনোবাই যদি বৰ্ষ-প্ৰাৰম্ভৰ ফুল আৰু বৰ্ষশেষৰ ফলক একেলগে পাব খোজে, আৰু কোনোবাই যদি একেসময়তে আত্মাক মুগ্ধ, তৃপ্ত আৰু পুষ্ট কৰিব পৰা কিবা এক অমূল্য ৰতন পাব খোজে; একেটি অভিধাৰে স্বৰ্গ আৰু মৰ্ত্যক সামৰিব খোজে, তেন্তে- হে শকুন্তলা, মই তোমাৰেই নাম '- আৰু ইয়াতেই সকলো কোৱা হৈ যাব

(ৰবীন্দ্ৰনাথৰ অনুবাদ)

                                                                                
                                উলফগাং ভন গ্যেটে




কবি ৰবীন্দ্ৰনাথৰ মতে গ্যেটেৰ এই সৰু প্ৰশস্তি- কবিতা এগছি উজ্জ্বল বন্তিৰ দৰে- সৰু, অথচ নিমিষতে নাটখনিৰ প্ৰাণবস্তুক পোহৰাই তোলে শকুন্তলা নাটকৰ আত্মাক বুজিবলৈ যেন কবি গ্যেটেৰ হাত নধৰিলেই নহয়

 অপ্সৰাৰ গৰ্ভজাত শকুন্তলাৰ পৱিত্ৰতা, সৰলতা, নম্ৰতা, প্ৰেম-প্ৰতাৰণা, ভাগ্যৰ বিড়ম্বনা, স্বামীৰ বিস্মৃতি, মাতৃত্ব, সন্তানলাভ, পুনৰ্মিলন- মৰতৰ ধূলিৰ সৈতে সৰগৰ আবিৰ সানি এক অলৌকিক জগত ৰচনা- যি নাটৰ দৃশ্যপট মৰ্ত্যতে ৰচিত হৈও স্বৰ্গলৈ উন্নীত- এয়াই শকুন্তলা নাটক

যেনেকৈ কালিদাসৰ সৰ্বস্ব অভিজ্ঞান-শকুন্তলম্,  তেনেকৈ গ্যেটেৰো সৰ্বস্ব 'ফাউষ্ট' এই নাটক ৰচিত হৈছিল ১৭৯০ চনত স্বাভাৱিকতেই ইউৰোপীয় নাটকৰ বিশিষ্টতা মানি কবি গ্যেটেই তাত কোনো prologue বা প্ৰস্তাৱনাংশ ৰখা নাছিল কিন্ত কালিদাসৰ শকুন্তলা নাটকৰ জাৰ্মান অনুবাদ পঢ়ি তেওঁ ছবছৰ পাছত, ১৮৯৭ চনত ফাউষ্ট নাটকত যোগ দিলে vorspiel বা প্ৰস্তাৱনা- যি প্ৰকৃততে সংস্কৃত নাটকৰহে অপৰিহাৰ্য অঙ্গ

এইদৰেই প্ৰাচীন ভাৰতীয় সাহিত্যই অনুপ্ৰাণিত আৰু প্ৰভাৱিত কৰিছিল আধুনিক বিশ্বৰ এক মহামনীষাক
প্ৰণিধানযোগ্য যে ইয়াৰ পাছতেই বিশ্ব-সম্প্ৰদায়ক আকৰ্ষণ কৰিবলৈ ধৰিলে ভাৰতীয় সাহিত্যই

জাৰ্মান ভাষাকে মুখ্য কৰি পৃথিৱীৰ কেইবাটাও ভাষালৈ অনুবাদ 'বলৈ ধৰিলে ভাৰতীয় ধ্ৰুপদী সাহিত্য- ভগৱদ্গীতা, হিতোপদেশ, গীতগোৱিন্দ- আৰু কত কি !

No comments:

Post a Comment